বন্ধু গোহাঁইদেউৰ স্মৰণত
চেনীৰাম বৰুৱা
‘হেৰা বৰুৱা, কি কৰি আছা, ভালে আছেনে, মাইনাৰ ভালনে” এইধৰণে সুধিবলৈ প্ৰিয় মানুহজন নাই৷ হঠাতে তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গ’ল৷ চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিচত কেতিয়াবা ৰাতিপুৱা কেতিয়াবা সন্ধ্যালগাৰ আগমুহূৰ্তত গোহাঁই মানুহজন [প্ৰবোধ] আমাৰ ঘৰলৈ আহি খা-খবৰ কৰিছিল আৰু মইও তেওঁৰ স্বাস্থ্যৰ খবৰ লোৱাৰ লগতে মাক, ল’ৰা-ছোৱালী আৰু জোঁৱাইসকলৰ বিভিন্ন খা-খবৰ কৰিছিলোঁ৷ স্বাস্থ্যৰ প্ৰতি সচেতন মানুহজনে খাদ্যৰ তালিকাত কি কি ৰাখিছিল, এই বিষয়েও জানিছিলোঁ৷ এইখিনি সময়তে আমাৰ পুৰণি কাহিনী দুই এটা পুনৰাবৃত্তি কৰি দুয়োৱে হাঁহিৰ খোৰাক পাইছিলোঁ৷
ঢকুৱাখনা হাইস্কুলত ১৯৬৪ চনত ৭ম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা শেষ কৰি ১৯৬৫ চনৰ জানুৱাৰী মাহৰ প্ৰথম ভাগতে উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৮ম শ্ৰেণীত নামভত্তিৰ্ৰ বাবে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হৈছিলো৷ গোহাঁইও সেই পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ পৰীক্ষাৰ সময়তহে দুয়ো লগ হৈছিলোঁ৷ কিন্তু তাৰ আগেয়ে কোনেও জনা নাছিলো-তালৈ পঢ়িবলৈ যাম বুলি৷ পৰীক্ষা দুদিন হৈছিল। পৰীক্ষাত দুয়োৱে ভাল স্থান দখল কৰি ৮ম শ্ৰেণীত নামভত্তিৰ্ৰ সুবিধা পালো৷ বিজ্ঞান শাখাত আমি নামভৰ্তি কৰিলোঁ৷ ঢকুৱাখনাৰ ছাত্ৰ বুলি আৰু প্ৰৱেশ পৰীক্ষাত ভাল স্থান পোৱা বুলি বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে আমাক তেতিয়াই চকু ৰাখিছিল আৰু শ্ৰেণীৰ ছাত্ৰসকলেও আমাৰ দুয়োৰে লগত আন্তৰিকতা পূৰ্ণ ব্যৱহাৰ কৰিছিল৷
গোহাঁইদেউৰ জ্যেষ্ঠা বাইদেউ আৰু ভিনিদেউ [উপেন চেতিয়া] উত্তৰ লক্ষীমপুৰৰ গোহাঁই গাঁৱত থকাত তালৈ প্ৰায়েই গৈছিলোঁ৷ খুলশালীৰ লগৰ ল’ৰা বুলি ভিনিদেউৱে বাইদেউৱে বৰ মৰম কৰি আদৰ-সাদৰ দেখুৱাইছিল৷
৯ম মান শ্ৰেণীত পঢ়ি থকা সময়ত বিদ্যালয়সমূহৰ মাজত ডিব্ৰুগড়ত ট’ৰ্ণামেণ্ট দলটোৰ লগত [প্ৰয়াত জগত গগৈ চাৰৰ তত্ত্বাৱধানত] আমি দুয়ো সোণাৰী ঘাটৰ মাৰ নাৱত গৈ মোহনাঘাটত উঠিলোগৈ৷ আমাৰ থকাৰ ব্যৱস্থা গোহাঁইদেউৱে বৰদেউতাকৰ [মুক্তানাথ বৰগোহাঁই] ঘৰতে কৰিছিল৷ বৰদেউতাকৰ পৰিয়ালৰ সকলোৱে দেখুওৱা আতিথ্য আজিও মানসপটত সজীৱ হৈ আছে৷ এদিনাখনৰ কথা-- ট’ৰ্ণামেণ্টৰ খেলাধূলা শেষ হোৱাৰ পিচত সন্ধ্যা নামি আহিছিল৷ আমি দুয়ো ব্ৰহ্মপুত্ৰৰ মথাউৰি ডিব্ৰুগড়ৰ ৰক্ষণাবেক্ষণত থকাইয়েদি খোজ কাঢ়ি আহি অাছিলো, তেনেতে আচম্বিতে আমাৰ দুয়োৰ মাজত এটা ঘটনা ঘটিল৷ ঘটনাটো আজিৰ দিনৰ বাবে ৰোমাঞ্চকৰ, কিন্তু আমাৰ দুয়োৰে বাবে তেতিয়া হূদয় বিদাৰক আছিল৷ দুয়ো বেজাৰ মনেৰে গৈ বৰদেউতাকৰ ঘৰ পালোগৈ৷ ঘৰত কিন্তু ঘটনাটোৰ কথা কোৱা নহ’ল৷
গোহাঁইদেউৰ সমীপতে থকা কচুগাঁৱৰ যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰীয়ে গোহাঁইদেউৰ উদ্গনিত, নেতৃত্বত “চন্দ্ৰশেখৰ দাস অধ্যয়ন চক্ৰ [উদয়ন সংঘ] নামেৰে এটি পুথিভৰাঁলৰ জন্ম হৈছিল৷ অধ্যয়ন চক্ৰত যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰীয়ে বৰ হেঁপাহৰে কিতাপ পঢ়িছিল৷
সামাজিক দায়বদ্ধতাৰ প্ৰতি অতি সচেতন ব্যক্তি আছিল গোহাঁইদেউ৷ “গছ থাকিলেহে মানৱ জাতি জীয়াই থাকিব, বন্য জীৱকুলৰ লগত সহঃ অৱস্থান কৰিলেহে প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা পৰিব”-- এই নীতি গোহাঁইদেউৱে গভীৰ ভাবে উপলব্ধি কৰিছিল৷ সেয়েহে অসম বিজ্ঞান সমিতি ঢকুৱাখনা শাখা, মেগামিক্স প্ৰকৃতি সংঘৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, কৃষকক প্ৰদূষণ, জলবায়ুৰ পৰিবৰ্তন, বায়ুমণ্ডলত তাপৰ বৃদ্ধি হোৱা কাৰকবোৰৰ জ্ঞান বিলাবলৈ অশেষ চেষ্টা কৰিছিল৷
আচৰণত গোহাঁইদেউ অতি বিনয়ী আছিল৷ সকলোৰে লগত মিলিজুলি থকা, কাৰোবাৰ অন্তৰত দুখ নিদিয়াটো তেখেতৰ বিশেষ গুণ আছিল৷ মৃতকৰ ঘৰত মাত লগোৱা, কাজৰ গৃহত উপস্থিত হোৱা, বিয়া-সবাহৰ নিমন্ত্ৰণ ৰক্ষা কৰাটো গোহাঁইদেউৱে কেতিয়াও পাহৰি যোৱা নাছিল৷
স্নাতক ডিগ্ৰী পোৱাৰ পিচতে উত্তৰ লক্ষীমপুৰৰ কলেজিয়েট হাইস্কুলত শিক্ষকতাৰ দায়িত্ব আৰম্ভ কৰিছিল৷ কিছু বছৰ তাত চাকৰি কৰাৰ পিচত ঢকুৱাখনা উচ্ছতৰ মাধ্যমিক বিদ্যালয়লৈ চাকৰি সূত্ৰে বদলি হৈ আহিছিল৷ সহকম¹ শিক্ষক হিচাপে ঢকুৱাখনা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাদান কাৰ্যত ব্ৰতী হওঁতে ছাত্ৰসকলে গোহাঁইদেউক বৰ ভাল পোৱাটো দেখা পাইছিলো৷ ইংৰাজী বিষয়ত তেখেতৰ ভাল দখল আছিলজ্ব ইয়াৰ সোৱাদ ছাত্ৰসকলে ভালদৰে পাইছিল৷ সহকৰ্ম্মী শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগত মিলা-প্ৰীতি তেখেতৰ ভূষণ আছিল৷
অৱসৰ গ্ৰহণ কৰাৰ পিচতে ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ লগত একাত্ম হৈ পৰিছিল৷ জ্যেষ্ঠ নাগৰিক হিচাপে গোহাঁইদেউৱে সন্মিলনৰ অন্যান্য সদস্যযসদস্যাৰ লগত সামাজিক দায়বদ্ধতাৰ বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল৷
আজি [৩০ অক্টোবৰ, ২০২১] বন্ধু গোহাঁইদেউৰ পৱিত্ৰ আদ্যশ্ৰাদ্ধৰ দিনা তেখেতলৈ নিবেদন কৰিছোঁ আন্তৰিক শ্ৰদ্ধা আৰু মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ৷ লগতে মৃতকৰ পৰিয়ালৰ সকলোৰে ভৱিষ্যতৰ দিনবোৰত মঙ্গল কামনা কৰিছোঁ৷